Posts

Showing posts from December, 2017

বৰদেউতা

  বৰদেউতা আজিও ব্যস্ত । দিনত অফিচত আৰু সন্ধিয়াৰ পৰা সন্তানৰ দৰে ব্যৱহাৰ কৰা মোবাইলটোত । অফিচৰে বন্ধু এজনে তেওঁক ফেচবুক চলাবলৈ  । প্ৰথমে ইমান গুৰুত্বসহকাৰে লোৱা নাছিল কিন্তু এতিয়া দেখিছো মাজে মাজে প্ৰায়েই মোৰ পৰা শিক্ষা লয় ফেচবুকৰ বিষয়ে ।    সময়ৰ কি যে খেলা, ভাল লাগে শিকাই, আগতে যি জনে লগ পালেই পঢ়া, ভৱিষ্যত গঢ়াৰ কথা কৈছিল, এতিয়া তেওঁক মই শিকাইছো ।    বৰদেউতাৰ মেচেনজাৰে এটা কথা কৈ গ'ল, পুৰুষ সৰহ সংখ্যকেই একেই । বৰদেউতা আৰু যুৱ জনৰ পাৰ্থক্য ইমানেই যে তেওঁক তেওঁৰ বয়সে পান বিক্ৰী কৰাত বেছি সহায় কৰিছে । তেওঁ জানে কোনজন তেওঁৰ গ্ৰাহক, তেওঁ বহু অভিজ্ঞ । এৰা, পানত কাঠাটো আন যুৱকেও মাৰে কিন্তু ইয়াৰ পৰা অহা বিপদৰ পৰাহে মুক্ত ।    তোমাৰ মুখখনিকে লৈ প্ৰত্যেকটো কৰ্মক বাহঃ বাহঃ দিয়াৰ আঁৰত হাজাৰটা স্বাৰ্থ আছে । তুমি মই এখন চিনাকিৰ পৰিচয় দিয়া অচিনাকী জগতত আছো । তোমাৰ দৰে গ্ৰাহক আছে বাবেই এনে এখন সমাজ আছে । আমি প্ৰত্যেক জনেই একোজন ভাল অভিনেতা । প্ৰকৃত ৰূপত এদিন নহয় এদিন দেখিবাই । দিঘলীয়া সাধনাত নামি পৰিছে সকলো, তাতে গ্ৰাহক হৈ তোমাৰ ৰাগি লাগিছে ।

আধুনিকতাৰ চাদৰ

Image
  পেহীৰ ঘৰত আজি আলহী আছে, প্ৰিয় ভতিজা হিচাপে মইও ৰাতিৰ ভাত সাঁজৰ নিমন্ত্ৰণ পালো। পেটী ধিলা কৰি এসাঁজ খোৱাৰ উদ্দেশ্যেৰে ভদ্ৰতাৰ মুখা পিন্ধি আলহীৰ লগত ব্যস্ত হৈ পৰিলো। ভনীজনী (মানে পেহীৰ ছোৱালী) তাই এখন ভাল নাম লগা কলেজত পঢ়ে ,থাকে হোষ্টেলত। পেহীয়ে মাটিৰ পৰাই আকাশত উৰাৰ কথা তাইক লৈ নেৰা নেপেৰাকৈ কৈ আছে। সেয়াই হেঁপাহ সন্তানৰ প্ৰতি আৰু গৌৰাম্বিত হোৱা এক বিস্বজনীন ঘটনা।   তাই জানো বুজে? আধুনিকতাৰ মুখা পিন্ধা ছোৱালী তাই। নকৰিবনো কিয় তাই, বন্ধুৰ হাতত আছে DSLR, কন্দা কটা জেদত লৈ দিছে পেহাই এটা I Phone, পিঠি উলিয়াই আঠুৰ ওপৰত পৰা কাপোৰ যোৰ পিন্ধি পাইছে 2k লাইক। পেহীয়ে নাজানে তাই কি দৰে ছেক্সী লাগিছে কওঁতে ৰিপ্লাই দিছে।এৰা পেহীদেউৰ মনৰ দেৱালত প্ৰযুক্তিবিদ্যাই বাৰুকৈয়ে সাৰ মানিলে।   মানুহৰ বিবেক এতিয়া নিজৰ শৰীৰ প্ৰকাশ কৰাত জড়িত। নাভাৱে তাই ভৱিষ্যত, নাভাৱে তাই যে এদিন মাতৃ হব। অৱসাদ দূৰ কৰিবলৈ যাওঁতে আৰু বিবেকহীন মানসিকতাই চুই দিয়া নীলা বুঢ়া আঙুলিৰ বুটনটোৱেও যে সলনি কৰি দিব পাৰে মানুহক। সামাজিক বুলি কোৱা অসামাজিক পৃথিৱীখনে মাতাল কৰি ৰাখে মানুহক লাইক কমেন্টৰ ৰাগি দি।   সমাজৰ এক অপৰিহাৰ্য