বৰদেউতা

  বৰদেউতা আজিও ব্যস্ত । দিনত অফিচত আৰু সন্ধিয়াৰ পৰা সন্তানৰ দৰে ব্যৱহাৰ কৰা মোবাইলটোত । অফিচৰে বন্ধু এজনে তেওঁক ফেচবুক চলাবলৈ  । প্ৰথমে ইমান গুৰুত্বসহকাৰে লোৱা নাছিল কিন্তু এতিয়া দেখিছো মাজে মাজে প্ৰায়েই মোৰ পৰা শিক্ষা লয় ফেচবুকৰ বিষয়ে ।

   সময়ৰ কি যে খেলা, ভাল লাগে শিকাই, আগতে যি জনে লগ পালেই পঢ়া, ভৱিষ্যত গঢ়াৰ কথা কৈছিল, এতিয়া তেওঁক মই শিকাইছো ।

   বৰদেউতাৰ মেচেনজাৰে এটা কথা কৈ গ'ল, পুৰুষ সৰহ সংখ্যকেই একেই । বৰদেউতা আৰু যুৱ জনৰ পাৰ্থক্য ইমানেই যে তেওঁক তেওঁৰ বয়সে পান বিক্ৰী কৰাত বেছি সহায় কৰিছে । তেওঁ জানে কোনজন তেওঁৰ গ্ৰাহক, তেওঁ বহু অভিজ্ঞ । এৰা, পানত কাঠাটো আন যুৱকেও মাৰে কিন্তু ইয়াৰ পৰা অহা বিপদৰ পৰাহে মুক্ত ।

   তোমাৰ মুখখনিকে লৈ প্ৰত্যেকটো কৰ্মক বাহঃ বাহঃ দিয়াৰ আঁৰত হাজাৰটা স্বাৰ্থ আছে । তুমি মই এখন চিনাকিৰ পৰিচয় দিয়া অচিনাকী জগতত আছো । তোমাৰ দৰে গ্ৰাহক আছে বাবেই এনে এখন সমাজ আছে । আমি প্ৰত্যেক জনেই একোজন ভাল অভিনেতা । প্ৰকৃত ৰূপত এদিন নহয় এদিন দেখিবাই । দিঘলীয়া সাধনাত নামি পৰিছে সকলো, তাতে গ্ৰাহক হৈ তোমাৰ ৰাগি লাগিছে ।

Comments

Popular posts from this blog

আধুনিকতাৰ চাদৰ