আধুনিকতাৰ চাদৰ

  পেহীৰ ঘৰত আজি আলহী আছে, প্ৰিয় ভতিজা হিচাপে মইও ৰাতিৰ ভাত সাঁজৰ নিমন্ত্ৰণ পালো। পেটী ধিলা কৰি এসাঁজ খোৱাৰ উদ্দেশ্যেৰে ভদ্ৰতাৰ মুখা পিন্ধি আলহীৰ লগত ব্যস্ত হৈ পৰিলো। ভনীজনী (মানে পেহীৰ ছোৱালী) তাই এখন ভাল নাম লগা কলেজত পঢ়ে ,থাকে হোষ্টেলত। পেহীয়ে মাটিৰ পৰাই আকাশত উৰাৰ কথা তাইক লৈ নেৰা নেপেৰাকৈ কৈ আছে। সেয়াই হেঁপাহ সন্তানৰ প্ৰতি আৰু গৌৰাম্বিত হোৱা এক বিস্বজনীন ঘটনা।
  তাই জানো বুজে? আধুনিকতাৰ মুখা পিন্ধা ছোৱালী তাই। নকৰিবনো কিয় তাই, বন্ধুৰ হাতত আছে DSLR, কন্দা কটা জেদত লৈ দিছে পেহাই এটা I Phone, পিঠি উলিয়াই আঠুৰ ওপৰত পৰা কাপোৰ যোৰ পিন্ধি পাইছে 2k লাইক। পেহীয়ে নাজানে তাই কি দৰে ছেক্সী লাগিছে কওঁতে ৰিপ্লাই দিছে।এৰা পেহীদেউৰ মনৰ দেৱালত প্ৰযুক্তিবিদ্যাই বাৰুকৈয়ে সাৰ মানিলে।

  মানুহৰ বিবেক এতিয়া নিজৰ শৰীৰ প্ৰকাশ কৰাত জড়িত। নাভাৱে তাই ভৱিষ্যত, নাভাৱে তাই যে এদিন মাতৃ হব। অৱসাদ দূৰ কৰিবলৈ যাওঁতে আৰু বিবেকহীন মানসিকতাই চুই দিয়া নীলা বুঢ়া আঙুলিৰ বুটনটোৱেও যে সলনি কৰি দিব পাৰে মানুহক। সামাজিক বুলি কোৱা অসামাজিক পৃথিৱীখনে মাতাল কৰি ৰাখে মানুহক লাইক কমেন্টৰ ৰাগি দি।
  সমাজৰ এক অপৰিহাৰ্য্য অংগ আধুনিকীকৰণ, য'ত নিহিত হৈ আছে শিক্ষাৰ প্ৰসাৰ, অন্ধবিশ্বাস দূৰিকৰণ, সামাজিক মানদন্দ উন্নতিকৰণ। কেৱল মাত্ৰ শৰীৰ প্ৰকাশ নহয়।

Comments

Post a Comment

Popular posts from this blog

বৰদেউতা